কল্পকাহিনী


ৰ্তনাদৰ মাজত আৱদ্ধ ৰিগন




এখন মলিয়ন পৃথিৱী । য'তেই যোৱা যায়, তাতেই আৱৰ্জনা এখন প্ৰদূষিত পৃথিৱী । নিৰ্মল বতাহ পাবলৈ নাই, সেউজীয়াশূন্য পৃথিৱী । মানুহবোৰ এটোপাল পৰিস্কাৰ পানীৰ বাবে হাহাকাৰ কৰিছে । পৃথিৱীখন জীৱৰ বসবাসৰ বাবে প্ৰায় অনুপযোগী হৈ পৰিছে । উত্তপ্ত পৃথিৱীৰ কৰুণ কাহিনী ।

এসময়ৰ জনাকীৰ্ণ ধৰণীৰ বুকুখন আজি প্ৰায় জনশূন্য । মানুহবোৰ সিঁচৰিত হৈ পৰিছে- বিজ্ঞানীসকলে আৱিস্কাৰ কৰা জীৱৰ বসবাসৰ উপযোগী বিভিন্ন গ্ৰহ, স্পেচ ষ্টেচনত । যদিও অতি নগন্য সংখ্যক মানুহ পৃথিৱীত এতিয়াও আছে- কিছুমানে অৰ্থৰ অভাৱত দূৰ গ্ৰহত যাব পৰা নাই আৰু কিছুমানৰ মনত পৃথিৱীৰ প্ৰতি থকা ভালপোৱাই সিহঁতক পৃথিৱী এৰি যাবলৈ দিয়া নাই । ৰিগন আৰু অনিকা প্ৰায় সমবয়সীয়া । সিহঁতে পৃথিৱীক মনে-চিতে ভাল পায় । এদিন দুয়োৰে পৰিয়াল দূৰৰ এটা গ্ৰহলৈ যাবলৈ সিদ্ধান্ত ল'লে । কিন্তু ৰিগন আৰু অনিকাৰ পৃথিৱী এৰি যোৱাৰ মন নাই । পৰিয়াল দুটাই সিহঁত দুয়োকে পৃথিৱীতেই এৰি গুচি গ'ল ।

ৰিগন আৰু অনিকা দুয়ো পৰস্পৰক বৰ ভাল পাইছিল । কোনেও কাকো এৰি নাযাবলৈ প্ৰতিজ্ঞা কৰিছিল । এদিন অনিকাই ৰিগনক ক'লে, " তুমি ভাবানে এই ধৰাৰ বুকুত আকৌ এদিন আৱৰ্জনামুক্ত পৰিৱেশ, গছ-গছনি, বিশুদ্ধ বায়ু, নিৰ্মল পানীৰে সমৃদ্ধ হবনে ?" ৰিগনে ক'লে,"এই ধৰণীৰ বুকুত বাস কৰা স্বাৰ্থান্বেষী অবিবেচক মানুহবোৰ গুচি গৈছে । এতিয়া পৃথিৱীক প্ৰদূষিত কৰিবলৈ কোনো নাই । পৃথিৱীখন নিশ্চয়কৈ আকৌ সেউজ হৈ পৰিব, বলিব নিৰ্মল বতাহ । মাথোঁ অপেক্ষা কৰা ।"
অনিকাই ক'লে," ৰিগন, যদি আমি প্ৰতিদিনে দুই-এটাকৈ গছপুলি ৰোপণ কৰো...." অনিকাৰ কথা শেষ নহওতেই ৰিগনে উৎফুল্লিত মনেৰে ক'লে, "ওৱাও, গ্ৰেট আইডিয়া ! এতিয়া গছ ৰুলে কাটিবলৈ কোনো নাই ।"

ৰিগন আৰু অনিকাই সিহঁতৰ পৰিকল্পনামতে কাম কৰি যাব ধৰিলে । সিহঁতে ৰোৱা গছৰ উপৰি বহুতো গছ অকলেই গজিছে । এতিয়া পৃথিৱীখন দেখাত সেউজীয়া । পুৱা-গধূলি চৰাইৰ কাকলিৰে চৌদিশ মুখাৰিত হয় । নিৰ্মল পানীৰ অভাৱ নাই । বিশুদ্ধ বায়ুৰ চলাচল । এক সুস্থিৰ পৰিৱেশ বিৰাজ কৰিছে এই পৃথিৱীৰ বুকুত । আকৌ পৃথিৱীখন জীৱৰ বসবাসৰ উপযোগী হৈ পৰিছে ।

এদিন ৰিগন আৰু অনিকাই সিহঁতৰ নিজৰ নিজৰ পৰিয়ালক পৃথিৱীলৈ ঘূৰাই আনিবলৈ সিদ্ধান্ত ল'লে । দুয়ো নিজৰ নিজৰ যান লৈ ওলাই পৰিল । দুয়ো কথা পাতি পাতি গৈ আছে । সৌৰজগতৰ সীমা অতিক্ৰমি মিল্কী ওৱে গেলেক্সিৰ মাজত থকা কৃষ্ণগহ্বৰৰ ওচৰেৰে গৈ আছে । ৰিগনে অনিকাক সাৱধান কৰি দিলে কৃষ্ণগহ্বৰৰ বিষয়ে । এনেতে ঘটিল এটা দূৰ্ঘটনা । অনিকাই তাইৰ যানখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালে । তাই এটা আকৰ্ষণ বল অনুভৱ কৰিব ধৰিলে । লাহে লাহে আকৰ্ষণ বলটোৰ মাত্ৰা বাঢ়ি গ'ল । অনিকাৰ এটা ডাঙৰ আৰ্তনাদ.......

ৰিগনে হেজাৰ চেষ্টা কৰিও কৃষ্ণগহ্বৰৰ গৰ্ভলৈ অনিকাৰ গতিক ৰুধিব নোৱাৰিলে । ৰিগনে অনিকাক ইমান ভাল পাইছিল যে ৰিগন আজিও অনিকাৰ অপেক্ষাত ৰখি আছে । সি আৰু তাৰ পৰিয়ালৰ ওচৰলৈ যোৱা নাই বা পৃথিৱীলৈ উভতি অহা নাই । সি নাজানে পৃথিৱী এতিয়া কেনেকুৱা । ৰিগন এতিয়া অাৰ্তনাদৰ মাজত আৱদ্ধ.....অনিকা ! অনিকা !


লেখক

শ্বাহিনশ্বাহ ইকবাল

No comments:

Post a Comment

My posts

জীৱনৰ ৰংচঙীয়া ছবি

জীৱনৰ ৰংচঙীয়া ছবি (অসমীয়া কবিতা) লেখক শ্বাহিনশ্বাহ ইকবাল