প্ৰকৃতিৰ অনুপম সৃষ্টি তুমি – কবিতা_লেখক– শ্বাহিনশ্বাহ ইকবাল




প্ৰকৃতিৰ অনুপম সৃষ্টি চৰাই




কোনেনো স্ৰজিলে তোমাক
তুমি মোহময়ী সৌন্দৰ্যৰে ভৰা,
নিজৰ অমিয় সুৰেৰে তুমি
মানুহৰ মন আকৰ্ষিত কৰা ।
তোমাৰ সুললিত সুৰৰ ছেওত
পুৱা–গধূলি ধৰণীত সৰগৰ মলয় বয়,
সেই সুৰ কোমল হৃদয়ত
পোখা মেলি সুমন হৈ ৰয় ।
নীল আকাশত পাখি মেলি
উৰি ফুৰা কিমান যে দূৰ–দূৰণি,
প্ৰকৃতিৰ জেউতি বৃদ্ধি কৰি তুমি
জাগ্ৰত কৰা এই নিথৰ অৱনী ।
নানাৰঙী এই ধুনীয়া ধৰণী
তোমাৰ বিস্তীৰ্ণ বিচৰণভূমি,
নিজস্ব বৈচিত্ৰৰে মানুহক
প্ৰেৰণা দিয়া কেতিয়াবা
প্ৰকৃতিৰ অনুপম সৃষ্টি তুমি ।



লেখক
শ্বাহিনশ্বাহ ইকবাল




No comments:

Post a Comment

My posts

জীৱনৰ ৰংচঙীয়া ছবি

জীৱনৰ ৰংচঙীয়া ছবি (অসমীয়া কবিতা) লেখক শ্বাহিনশ্বাহ ইকবাল