নিষিদ্ধ সপোনৰ ঠিকনা বিচাৰি – লেখক – শ্বাহিনশ্বাহ ইকবাল


Shahinshah Iqbal




নিষিদ্ধ সপোনৰ ঠিকনা বিচাৰি


তাৰ পাছত আদ্যন্ত সীমাহীন মৰুৰ উষ্ণ বুকুত
নিজৰ ছায়াক সাৰথি কৰি
ফুৰিছোঁ মোৰ সেই নিষিদ্ধ সপোনৰ ঠিকনা বিচাৰি ।
দুই মেৰুৰ প্ৰতিটো হিমকণাই
পাইছে মোৰ খালী ভৰিৰ স্পৰ্শানুভূতি ।
সমুদ্ৰৰ প্ৰতিটো ঢৌতেই খুন্দা খাইছোঁ মই ।
ফেঁহুজালিৰ লগত এতিয়া মোৰ গভীৰ প্ৰেম ।
মাজনিশাই মোক ভালদৰেই জানে ।
দুচকুৰ কোণত পুঞ্জীভূত ক্লান্তিবোৰ
ভাগৰি পৰিছে ।
তথাপি সপোনৰ ক্ষুধাৰে ক্ষুধাৰ্ত মন
থমকি ৰৈ যোৱা নাই ।
মোৰ এই সংগ্ৰাম লেথেৰি নিছিগাকৈ
চলিয়েই থাকিব – নিষিদ্ধ ঠিকনাটি নোপোৱালৈকে ।

কোনদিনা পাম সেই ঠিকনা বিচাৰি –
কেৱল অদৃশ্যজনেই জানে !


লেখক
শ্বাহিনশ্বাহ ইকবাল



No comments:

Post a Comment

My posts

জীৱনৰ ৰংচঙীয়া ছবি

জীৱনৰ ৰংচঙীয়া ছবি (অসমীয়া কবিতা) লেখক শ্বাহিনশ্বাহ ইকবাল