জীৱনৰ সংজ্ঞা বিচাৰি – লেখক– শ্বাহিনশ্বাহ ইকবাল

Shahinshah Iqbal


জীৱনৰ সংজ্ঞা বিচাৰি


সংজ্ঞাহীন বুলি অভিহিত জীৱনৰ সংজ্ঞা বিচাৰি...

তাৰ পাছত ভাগৰুৱা দেহাৰে
ধীৰে ধীৰে খোজ কাঢ়ি
প্ৰত্যাৱৰ্তন কৰোঁতে এটি ভাবনাই
মনত ল’লে ঠাই অকণি ।
কঠিন জীৱন, কঠিন জীৱনৰ সংজ্ঞা,
অস্বাভাৱিক নহয় – হোৱাটো বুজাত ব্যৰ্থ,
কি দুৰ্বোধ্য ভাষাত সংজ্ঞায়িত এয়া,
কোনেনো বুজি পায় তাৰ অন্তৰ্নিহিত অৰ্থ ।
কোনে বাৰু প্ৰাঞ্জল ভাষাৰে
অনুবাদ কৰিব এই সংজ্ঞা
যে গভীৰ অনুভুতিৰে বুজি পাই সকলোৱে
পূৰ্ণ কৰিব নিজৰ উকা জীৱন বহীৰ পৃষ্ঠা ।
জীৱনৰ এটি সহজবোধ্য সংজ্ঞাৰ
অন্বেষণ কৰা মই আছোঁ ৰৈ
জানোচা কোনোবাই জীৱনৰ সংজ্ঞা
সহজ ভাষাত বুজাই দিব কৈ ।


লেখক
শ্বাহিনশ্বাহ ইকবাল


No comments:

Post a Comment

My posts

জীৱনৰ ৰংচঙীয়া ছবি

জীৱনৰ ৰংচঙীয়া ছবি (অসমীয়া কবিতা) লেখক শ্বাহিনশ্বাহ ইকবাল