আমি মুক্ত হ’ব বিচাৰোঁ – লেখক – শ্বাহিনশ্বাহ ইকবাল


আমি মুক্ত হ’ব বিচাৰোঁ


অভিজাত সমাজে আমাক পৰিহাৰ কৰে,
মানুহ বুলি গ্ৰাহ্য নকৰে,
আমি যে দুখীয়া কৃষক, শ্ৰমিক ।

কোনেও নুবুজে–
আমিয়েই দেশৰ ভেটি নিৰ্মাতা ।
শোষণৰ কবলত আমি
জীয়াতু ভুগি আছোঁ
মৰণ যন্ত্ৰণা ।
আমি স্বাধীন দেশৰ নাগৰিক হোৱা স্বত্বেও
ক্ষুধাৰ যন্ত্ৰণা ভোগ কৰিব লাগে যদি,
তেন্তে সহস্ৰ সংগ্ৰাম কৰি, প্ৰাণ আহুতি দি
স্বাধীন হোৱাৰ প্ৰয়োজন কি ?
বিনিদ্ৰ কৰি তুলিছে আমাক
আমাৰ বুকুবোৰত জমা হোৱা
ক্ষোভ আৰু অসহনীয় বেদনাবোৰে ।

জাগি উঠা, জাগি উঠা
কৃষক বন্ধুসকল, শ্ৰমিক বন্ধুসকল,
একেলগে মাৰ বান্ধি থিয় হোৱা ।
শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ
এতিয়াই সময় ।
আমি মুক্ত হ’ব বিচাৰোঁ,
স্বাধীনতা উপভোগ কৰিব বিচাৰোঁ,
সমধিকাৰ বিচাৰোঁ,
সমাজত মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ ।


লেখক
শ্বাহিনশ্বাহ ইকবাল


No comments:

Post a Comment

My posts

জীৱনৰ ৰংচঙীয়া ছবি

জীৱনৰ ৰংচঙীয়া ছবি (অসমীয়া কবিতা) লেখক শ্বাহিনশ্বাহ ইকবাল