হয়, দুখৰ দিনবোৰো এদিন শেষ হয়
কোনো এক সুৰুঙাদি সপ্তপৰ্ণে
জীৱনলৈ সোমাই অহাৰ দৰেই
প্ৰস্থান কৰে আমাৰ জীৱনপুৰৰ পৰা ।
জীৱনৰ দুখ–পীড়নবোৰে
আমাৰ স্থিতিক আৰু অধিক সবল কৰে ।
জীৱন যদি কোনো এক উপকূল হয়,
সাগৰৰ ঢৌবোৰৰ দৰেই দুখবোৰে
জীৱনক আলিংগন কৰি
পুনৰ উভতি যায় অহা বাটেৰেই ।
দুখৰ সময়ত নিজকে স্থিৰ ৰাখি
নিশঃকভাৱে দুখবোৰৰ মুখামুখি হব পৰা জনৰহে
অস্তিত্ব বৰ্তি থাকে ।
দুখ–কষ্টৰ ঢৌবোৰ অতিক্ৰম কৰি
সিটো পাৰলৈ গৈ পোৱাৰ অন্য নাম জীৱন ।
তৰংগবিহীন সাগৰ যিদৰে সাগৰ নহয়,
মেঘহীন আকাশ যিদৰে আকাশ নহয়,
দুখ–কষ্টহীন জীৱন জীৱনেই নহয় ।
কিন্তু কি জানা,
দুখবোৰো এদিন ভাগৰি যায়
আৰু ইবোৰে বিদায় মাগে আমাৰ পৰা ।
হয়, দুখৰ দিনবোৰো এদিন শেষ হয় ।
লেখক
শ্বাহিনশ্বাহ ইকবাল
No comments:
Post a Comment