জীৱনৰ ৰংচঙীয়া ছবি – লেখক – শ্বাহিনশ্বাহ ইকবাল



জীৱনৰ ৰংচঙীয়া ছবি



মনত ইচ্ছা জাগে ছবি আঁকিবলৈ,
কিন্তু ৰং নষ্ট হোৱাৰ ভয় !
ৰং নষ্টই নহয় যদি
পাৰিবা জানো আঁকিব ৰংচঙীয়া ছবি ?
বিশাল আকাশ জুৰি নীলা
চৌদিশে সেউজীয়াৰ ৰহণ,
এইবোৰৰ মোহনীয়া সৌন্দৰ্যই
সকলোকে কৰে আকৰ্ষণ ।
এইবোৰত হোৱা নাই জানো ৰঙৰ প্ৰয়োজন ?

তেন্তে কিহৰ ভয় ?
ৰং নষ্ট হবই
যদি খোজা ছবি আঁকিবলৈ ।

জীৱনৰ বাটত জীৱনক কৰি তোলা
ৰং ছটিয়াই ৰংচঙীয়া,
আনন্দময় জীৱন উপভোগ কৰা
জীৱন যে অতি ক্ষন্তেকীয়া ।
যদি ৰং নষ্ট হোৱাৰ ভয়ে
হিয়াৰ কোণৰ পৰা মাৰে ভুমুকি,
জীৱন হৈ ৰ’ব যেন চিত্ৰপটত অংকিত
তীৰহীন সমুদ্ৰত এক নিশ্চল জাহাজৰ ছবি ।


লেখক
শ্বাহিনশ্বাহ ইকবাল

No comments:

Post a Comment

My posts

জীৱনৰ ৰংচঙীয়া ছবি

জীৱনৰ ৰংচঙীয়া ছবি (অসমীয়া কবিতা) লেখক শ্বাহিনশ্বাহ ইকবাল